নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগ্জিট পলত ৰাজধানী দিল্লীত কেজৰিৱালৰ জয়ৰ হেট্রিক

শান্তিপূর্ণভাৱে দিল্লী বিধানসভাৰ ভোট

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ দেশৰ ৰাজধানী দিল্লী বিধানসভা নির্বাচনৰ ভোটগ্রহণ শনিবাৰে শান্তিপূর্ণভাৱে সম্পন্ন হৈ যায় ৷ হাই ভল্টেজ নির্বাচনী প্রচাৰৰ পাছতো বিগত বিধানসভা নির্বাচনৰ তুলনাত ভোটগ্রহণত ভোটাৰৰ উছাহ দেখা নগ’ল ৷ দিল্লীৰ ৭০টা বিধানসভা সমষ্টিত আম আদমী পার্টী, বিজেপি আৰু কংগ্রেছকে ধৰি বিভিন্ন দলৰ ৬৭২গৰাকী প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী কৰে প্রায় ডেৰ কোটি ভোটাৰে ৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ নতুন দিল্লী সমষ্টিত সর্বনিম্ন ৫১.৫৭ শতাংশ ভোটদান হোৱাৰ বিপৰীতে উত্তৰ–পূব দিল্লীত সর্বাধিক ৬২.৭৫ শতাংশ হাৰত ভোট সাব্যস্ত কৰে ভোটাৰে ৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া ৬ বজাত সামৰণি পৰালৈকে ভোটদানৰ হাৰ ৫৭ শতাংশ ৷

উল্লেখ্য যে ২০১৫ চনত ভোটদানৰ হাৰ আছিল ৬৭.০৮ শতাংশ ৷ সন্ধিয়া ৬ বজাত ভোটগ্রহণৰ সময় সামৰণি পৰাৰ পাছতে ৬.৩০ বজাত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা দিল্লী বিধানসভা নির্বাচনৰ এগ্জিট পল প্রকাশ কৰে ১০টা সংস্থাই ৷ এগ্জিট পলৰ সমীক্ষা মতে, ৭০ বিধানসভা সমষ্টিৰ ভিতৰত আপে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব ৷ নিউজ এক্স– প’লষ্ট্রেটৰ এগ্জিট পল মতে আপে ৫৩–৫৭, বিজেপিয়ে ১১–১৭খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ ০–২ ৷ ইণ্ডিয়া নিউজ নেচনৰ মতে আপ ৫৫, বিজেপি ১৪ আৰু কংগ্রেছ ১ জন কী বাতৰ মতে আপ ৪৮–৬১, বিজেপি ৯–২১ আৰু কংগ্রেছে ০–১খন আসন লাভ কৰিব ৷ তেনেদৰে সুদর্শন নিউজৰ মতে আপ ৪০–৪৫, বিজেপি ২৪–২৮ আৰু কংগ্রেছ ২–৩ টাইমছ নাও–আইপিএছ’এছৰ মতে আপ ৪৪, বিজেপি ২৬ আৰু কংগ্রেছ ০ ৷ নিউজ এক্স–নেতাৰ মতে আপ ৫৩–৫৭, বিজেপি ১১–১৭, কংগ্রেছ ০–২খন আসন লাভ কৰাৰ বিপৰীতে ৰিপাব্লিক টিভিৰ মতে আপে ৪৮–৬১খন আসন, বিজেপিয়ে ৯–২১ আৰু কংগ্রেছে ০–১ আসন লাভ কৰিব৷ আনহাতে, ইণ্ডিয়া টিভিৰ মতে আপে ৪৪, বিজেপিয়ে ২৬খন আসন লাভ কৰিব৷ টিভি–৯ ভাৰতবর্ষ ছিছোৰেৰ মতে আপ ৫৪, বিজেপি ১৫ আৰু কংগ্রেছে ১খন আসন লাভ কৰাৰ বিপৰীতে এবিপি নিউজ চি ভোটাৰৰ মতে আপ ৪৯–৬৩, বিজেপি ৫–১৯ আৰু কংগ্রেছে ০–৪খন লাভ কৰিব ৷

গুৰুত্বপূর্ণ যে ১০টাতকৈ অধিক ৰাষ্ট্রীয় সংস্থাই চলোৱা এগ্জিট পলত আম আদমী পার্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে শাসনৰ গাদীত অধিষ্ঠিত হ’ব ৷ এগ্জিট পলত আপে সর্বনিম্ন ৪০খন আসন লাভ কৰাৰ বিপৰীতে সর্বাধিক ৬৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ আনপিনে, বিজেপিয়ে সর্বনিম্ন ৫খন আসনৰ বিপৰীতে সর্বাধিক ২৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ ২০১৫ চনৰ নির্বাচনত ৭০খন আসনৰ ভিতৰত আম আদমী পার্টীয়ে ৬৭খন আৰু বিজেপিয়ে লাভ কৰিছিল ৩খন আসন ৷ ২০২০ চনৰ নির্বাচনৰ এগ্জিট পল মতে আম আদমী পার্টীয়ে কিছুসংখ্যক আসন হেৰুওৱাৰ বিপৰীতে বিজেপি উজ্জীৱিত প্রদর্শনৰ বাবে কেইখনমান আসন বৃদ্ধি পাব ৷ বিগত নির্বাচনৰ লেখীয়াই কংগ্রেছৰ আসন শূন্য হোৱাৰ সম্ভাৱনাই অধিক ৷

You might also like