নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছসহ ‘কা’ বিৰোধীক গৰিহণা প্রধানমন্ত্রী মোদীৰ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে ‘কা’বিৰোধী প্রতিবাদ সাব্যস্ত কৰা কংগ্রেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহক সমালোচনা কৰি কয় যে পাকিস্তানত ধর্মীয় নির্যাতনৰ বলি হোৱা সংখ্যালঘু লোকসকলৰ সপক্ষে প্রতিবাদ কৰক৷ ‘পাকিস্তানে দেশখনৰ সংখ্যালঘু যেনে– হিন্দু, শিখ, জৈন আৰু খ্রীষ্টানসকলৰ প্রতি কৰা ধর্মীয় নির্যাতন বৃদ্ধি কৰি আহিছে৷ কিন্তু কংগ্রেছ আৰু সহযোগী দলসমূহে পাকিস্তানৰ বিৰুদ্ধে মাত নামাতে৷’

প্রধানমন্ত্রী মোদীয়ে বিৰোধীক সমালোচনা কৰি বাংগালুৰুৰ তুমাকুৰু শ্রীসিদ্ধাংগনা মুটত অনুষ্ঠিত এখন সভাত এইদৰে কয়৷ তেওঁ আৰু কয় যে ধর্মীয় নির্যাতনৰ বলি হোৱা লোকসকল আৰু উৎপীড়নৰ বলি হোৱা মহিলাক সুৰক্ষা দিবলৈ যোৱাৰ বিৰুদ্ধে কংগ্রেছ আৰু সহযোগী দলসমূহে সমদল আৰু ধর্ণা কার্যসূচী ৰূপায়ণ কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে আশ্চর্য প্রকাশ কৰি কয়– যিসকল লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে, তেওঁলোকে কিন্তু পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে হোৱা নির্যাতন বন্ধ কৰিবলৈ দেশখনক নকয়৷

নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত দৃঢ়তাৰে থিয় দি প্রধানমন্ত্রীজনে কয় যে এয়া হ’ল সদনৰ ঐতিহাসিক সিদ্ধান্ত৷ কিন্তু কংগ্রেছ আৰু সহযোগী দলসমূহে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি প্রতিখন প্রতিষ্ঠানকে বিৰোধিতা কৰিবলৈ প্রৰোচিত কৰিছে৷

প্রধানমন্ত্রীজনে আৰু কয় যে ‘কা’ ৰূপায়ণ কৰা হৈছে পাকিস্তানৰ দলিত আৰু জনজাতি লোকসকলক সুৰক্ষা দিবৰ বাবে৷

You might also like