নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ সমর্থনকাৰী জনতাই মিছড কলযোগে পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম…

‘কা’ৰ সমর্থন লাভৰ বাবে বিজেপিয়ে মুকলি কৰিলে টোল–ফ্রী নম্বৰ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ সমর্থন দেশব্যাপী লাভ কৰাৰ বাবে বিজেপিয়ে গ্রহণ কৰা বিভিন্ন পন্থাৰ লগত সংযোগ কৰিলে মিছড কলৰ ব্যৱস্থা৷ দলে বৃহস্পতিবাৰে মুকলি কৰিলে এটা টোল–ফ্রী নম্বৰ, যাৰ জৰিয়তে জনতাই মিছড কল দি ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা দহদিনীয়া জনসম্পর্ক অভিযানৰ লগত সংযুক্ত হৈ পঞ্জীয়নভুক্ত হ’ব পাৰিব৷

বিজেপিৰ সাধাৰণ সম্পাদক অনিল জৈনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা মতে, টোল–ফ্রী নম্বৰৰ জৰিয়তে জনতাই ‘কা’ৰ সমর্থনত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব মিছড কলযোগে

উল্লেখ্য যে ‘কা’ৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন স্থানত তীব্র প্রতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিয়ে আইনখনৰ সমর্থনত জনসভা আৰু সংবাদ মেলৰ জৰিয়তে সমর্থন আদায়ৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিজেপিৰ সাধাৰণ সম্পাদক জৈনে জনোৱা মতে কেন্দ্রীয় মন্ত্রীৰ পৰা আৰম্ভ কৰি দলৰ শীর্ষ পর্যায়ৰ নেতাসকলে ৫–১৫ জানুৱাৰীৰ ভিতৰত দেশৰ বিভিন্ন স্থান পৰিভ্রমণ কৰি ‘কা’ৰ সমর্থনত প্রচাৰ চলাব৷

You might also like