নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আন্ধাৰ নাশি দেশত বন্তিৰ আলোক

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ৰোনা মহামাৰীয়ে ছানি ধৰা অন্ধকাৰ নাশি পোহৰৰ দিশলৈ ধাৱমান হ’বলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা আহ্বানক দেওবাৰে দেশবাসীয়ে জনানে অভূতপূৰ্ব সঁহাৰি । প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানক্ৰমে কোটি কোটি জনতাই নিশা ৯ বজাৰ লগে লগেই ঘৰৰ সকলো লাইট বন্ধ কৰি ঘৰৰ দুৱাৰৰ কাষত অথবা বেলকনিত নাইবা চোতালত চাকি-বন্তি, মমবাতি, মোবাইলৰ ফ্লাছ লাইট আদি জ্বলাই আলোকিত কৰি তোলে সমগ্ৰ পৰিৱেশ । ক’ৰোনাৰ সংকটৰ পৰা সৃষ্টি হোৱা অন্ধকাৰ আৰু অনিশ্চয়তা আঁতৰাই উজ্জ্বলতা আৰু নিশ্চয়তাৰ দিশলৈ ধাৱমান হোৱা , নিৰাশাৰ পৰা আশাৰ দিশ দেখুৱাবলৈ দেশৰ জনতাই এই বন্তি প্ৰজ্বলনৰ জৰিয়তেই যেন গ্ৰহণ কৰিৱে সংকল্প । নিশা ঠিক ৯ বজাৰ লগে লগে সমগ্ৰ দেশবাসীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ডিঙিত গামোচা পৰিধান কৰি দিল্লীৰ লোক কল্যাণ মাৰ্গৰ চৰকাৰী বাসগৃহৰ চোতালত বন্তি প্ৰজ্বলন কৰা দেখা গ’ল । সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰৰ সকলো লাইট বন্ধ কৰি লোৱা পৰিলক্ষিত হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডায়ো নিজ নিজ বাসগৃহত বন্তি প্ৰজ্বলন কৰে । আনহাতে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো নিশা ৯ বজাত প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত বন্তি প্ৰজ্বলন কৰে । ১৩০ কোটি দেশবাসীয়ে এটা সংকল্পৰ দ্বাৰা প্ৰতিশ্ৰুতিবদ্ধ, একত্ৰিত হৈ এই কথা প্ৰমাণ কৰি ভাৰতবাসীয়ে জাগ্ৰত কৰে মহাশক্তিক ।

You might also like