নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ্যুটকেছৰ ভিতৰত মানুহৰ ছিন্ন-বিচ্ছিন্ন অংগ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ সোমবাৰে নিশা মুম্বাই মহিম সমুদ্ৰ তীৰত উদ্ধাৰ হ’ল এটা ছ্যুটকেছৰ ভিতৰত অচিনাক্ত লোকৰ ছিন্ন-বিচ্ছিন্ন অংগ । উল্লেখ্য যে ক’লা ৰঙৰ ছ্যুটকেছটো প্ৰথমে মাছমৰীয়া কেইজনমানে সমুদ্ৰত উটি ভাহি থকা প্ৰত্যক্ষ কৰিছিল । পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ছ্যুটকেছটো জব্দ কৰে । ইপিনে আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি ছ্যুটকেছটোৰ ভিতৰত এটা পলিথিনত মানুহৰ কান্ধৰ পৰা পৃথক হোৱা এটা হাতৰ লগতে গুপ্তঅংগ উদ্ধাৰ হয় । ইপিনে উদ্ধাৰ হোৱা অচিনাক্ত অংগসমূহ পুৰুষৰ নে মহিলাৰ এতিয়াও চিনাক্ত হোৱা নাই ।

You might also like