নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ বছৰ পিছত ১০ শতাংশৰ তললৈ নামিল পাইকাৰী মূল্য

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: অৱশেষত কিছু নিয়ন্ত্রণলৈ আহিছে পাইকাৰী বজাৰৰ মূল্যবৃদ্ধি৷ ডেৰ বছৰৰ পিছত পাইকাৰী বজাৰৰ মূল্যবৃদ্ধি ১০ শতাংশৰ তললৈ নামিছে৷ ছেপ্ঢেম্বৰত দেশত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ আছিল ১০.৭ শতাংশ৷ কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি অক্টোবৰত সেয়া অৱনমিত হৈছে ৮.৩৯ শতাংশলৈ৷ ইয়াৰ পূর্বে ২০২১ চনৰ মার্চ মাহত পাইকাৰী বজাৰৰ মূল্যবৃদ্ধিৰ হাৰ ১০ শতাংশৰ তলত আছিল৷ অৱশ্যে কেন্দ্রীয় পৰিসংখ্যাই ক্রেতাৰ দুশ্চিন্তা হ্রাস কৰা নাই বুলি বিশেষজ্ঞ মহলে মন্তব্য কৰিছে৷ কাৰণ সর্বাত্মকভাৱে খাদ্যসামগ্রীৰ মূল্য পূর্বৰ মাহটোৰ তুলনাত লক্ষণীয়ভাৱে হ্রাস পোৱা নাই৷ ফলত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ কমাৰ প্রভাৱ খুচুৰা বজাৰত কিমান পৰিব, তাক লৈ এতিয়াও সন্দেহ আছে বিশেষজ্ঞ মহলৰ মাজত৷ অর্থনীতিবিদসকলৰ মতে পাইকাৰী মূল্য সূচক হ্রাস কৰি খুচুৰা মূল্য সূচক অৱনমিত কৰিলে সাধাৰণ ক্রেতাই কিছু সকাহ পাব৷ বাণিজ্য মন্ত্রণালয়ৰ এক সূত্রই জনোৱা অনুসৰি মূলতঃ ইন্ধন, ধাতুজাত সামগ্রী, খনিজ সামগ্রী, বস্ত্র আৰু উদ্যোগ উৎপাদিত সামগ্রীৰ দাম হ্রাস পোৱাৰ বাবে পাইকাৰী মূল্য কিছু হ্রাস পাইছে৷ খাদ্যসামগ্রীৰ মূল্য পূর্বৰ দৰেই ঊর্ধ্বগামী হৈ আছে বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

You might also like