নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত জৰিমনাৰ সন্মুখীন এয়াৰ ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ: তীব্র অস্বস্তিত পৰিছে উৰণ সংস্থা এয়াৰ ইণ্ডিয়া৷ বিমান বাতিল হোৱাৰ পিছত যাত্রীসকলক ধন ওভতাই নিদিয়াৰ অভিযোগত টাটাৰ সংস্থাটোক বৃহৎ অংকৰ জৰিমনা বিহিছে মার্কিন পৰিবহণ দপ্তৰে৷ টিকটৰ ৰিফাণ্ড হিচাপে ১২১.৫ নিযুত মার্কিন ডলাৰ আৰু জৰিমনা হিচাপে ১.৪ নিযুত মার্কিন ডলাৰ আদায় দিব লাগিব এয়াই ইণ্ডিয়াই৷ অতিমাৰীৰ সময়ত উৰণ বাতিলৰ বাবেই এই জৰিমনা বিহা হৈছে এয়াৰ ইণ্ডিয়াক৷ অকল এয়াৰ ইণ্ডিয়াই নহয়, জৰিমনাৰ সন্মুখীন হৈছে ৬টাকৈ সংস্থা৷

You might also like