নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্ষণ কাণ্ডৰ দোষীক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিব লাগেঃবচ্চন

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ হায়দৰাবাদৰ মহিলা চিকিতসকক ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ শুনা গল আজি সংসদত। সংসদৰ শীতকালীন অধিবেশনৰ আজি ৰাজ্যসভাত সাংসদ জয়া বচ্চনে উক্ত ঘৰ্ষণৰ ঘটনাত তীব্ৰ নিন্দা কৰে আৰু দোষীসকলক সাৰ্বজনীক ভাৱে মৃত্যুদণ্ড দিব লাগে বুলি দাবী কৰে। লগতে বচ্চনে কয় যে এই ঘটনাৰ পিছত চৰকাৰে এক নিশ্চিত উত্তৰ দিব লাগে।

আনহাতে আজি লোকসভাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই জঘন্য ঘটনাৰ বাবে গোটেই দেশেই লজ্জিত। ঘটনাৰ লগত জড়িত সকলোৱে কঠোৰ শাস্তি পাব লাগে। মহিলাৰ লগত ঘটি থকা এনে অপৰাধজনিত সমস্যাৰ বাবে আমি কঠোৰ আইন তৈয়াৰ কৰিব লাগিব আৰু যাৰ বাবে গোটেই সদন ইয়াৰ বাবে সন্মত হ’ব লাগে।

You might also like