নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰৱ মোডীক আৰ্থিক অপৰাধী ঘোষণা। জব্দ কৰা হ’ব সকলো সম্পত্তি

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ পঞ্জাৱ নেচেনেল বেংকৰ ধন জালিয়াতিৰ গোচৰত অভিযুক্ত লগতে দেশ এৰি পলায়ন কৰা হীৰা ব্যৱসায়ী নিৰৱ মোডীক আৰ্থিক অপৰাধী ঘোষণা কৰা হৈছে। লগতে মোডীৰ সকলো সম্পত্তি অচিৰেই জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হ’ব। পাঞ্জাৱ নেচেনেল বেংকৰ প্ৰায় ২ আৰৱ ডলাৰ ধন হৰলুকী কৰি মোডীয়ে দেশ এৰি পলায়ন কৰিছিল। বৃহস্পতিবাৰে special prevention in money laundering act(pmla) ৰ অধীনত এখন বিশেষ আদালতে নিৰৱ মোডীক আৰ্থিক অপৰাধী ঘোষণা কৰিছে।

ইয়াৰ আগতে বুধবাৰে বিশেষ আদালতে নিৰৱ ৰ লগতে তিনিজন লোকৰ বিৰোধে জাননী জাৰি কৰি ১৫ জানুৱাৰীৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। আদালতে কৈছে যে যদি তিনিজন অভিযুক্ত আদালতত হাজিৰ নহয়, নহলে তেওঁলোকক পলাতক ঘোষিত কৰা হ’ব।

You might also like