নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰণাস্ত্ৰ আছে নেকি ? জৰিমনাৰ লগতে, যাব লাগিব ৰঙাঘৰলৈ !

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ সোমবাৰে লোকসভাত গৃহীত হোৱা এখন বিধেয়কে এতিয়া ঘূমটি হৰিছে মাৰণাস্ত্ৰৰ গৰাকীসকলক । সোমবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰণাস্ত্ৰ সংশোধনী আইন ২০১৯ ৰ জৰিয়তে মাৰণাস্ত্ৰৰ ক্ষেত্ৰত গ্ৰহণ কৰে কঠোৰ সিদ্ধান্ত । ইতিমধ্যে লোকসভাত গৃহীত হোৱা এই বিধেয়কে মাৰণাস্ত্ৰ ব্যৱহাৰকাৰী সকলৰ ক্ষেত্ৰত আৰোপ কৰিছে অসংখ্য বাধা ।

একাংশ লোকে নিজৰ অনুজ্ঞা পত্ৰ থকা বন্দুক অথবা মাৰণাস্ত্ৰৰ অপব্যৱহাৰ কৰাৰ বাবে এতিয়া কঠোৰ হ’ব চৰকাৰ । কিয়নো আত্মনিয়ন্ত্ৰণৰ বাবে অনুজ্ঞা দিয়া এই সমূহ বন্দুক বহুজনে বিবাহ অথবা কোনো অনুষ্ঠানত ব্যৱহাৰ কৰি আনন্দ-ফূৰ্তি কৰে । মাৰণাস্ত্ৰৰ জৰিয়তে এনেদৰে আনক ভীতিগ্ৰস্ত কৰি আনন্দ লোৱাৰ ক্ষেত্ৰত ২ বছৰ জেলৰ লগতে হ’ব পাৰে ১ লাখ টকাৰ জৰিমনা । দেশত ব্যক্তিগত মাৰণাস্ত্ৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সোমবাৰে সংসদত গৃহীত কৰা হয় এই বিধেয়ক ।

উল্লেখ্য যে, অনুজ্ঞা পত্ৰ থকা মাৰণাস্ত্ৰৰ প্ৰতি কঠোৰ হোৱা চৰকাৰ অবৈধ মাৰণাস্ত্ৰৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব বুলিও জানিবলৈ দিয়ে ।

You might also like