নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলমেট পিন্ধি বিক্ৰী কৰিব লগা হৈছে পিয়াঁজ , পিচে ক’ত ?

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ পিয়াঁজৰ মূল্যবৃদ্ধিক লৈ এতিয়া দেশৰ জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে পিয়াঁজক লৈ শাসক-বিৰোধীৰ মাজত চলি আছে তীব্ৰ বাক-বিতণ্ডা । এনে সময়তে শনিবাৰে বিহাৰৰ এক দৃশ্যই এতিয়া দেশজুৰি লাভ কৰিছে চৰ্চা । প্ৰতি কিলো পিয়াঁজৰ দাম ৭০ অথবা ৮০ ঘৰ অতিক্ৰম কৰি শতকৰ ঘৰ স্পৰ্শ কৰাৰ সময়তে বিহাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ সহায়ত অঞ্চলভেদে প্ৰতিটো পৰিয়ালক ৩৫ টকা মূল্যত যোগান ধৰিছে পিয়াঁজ ।

বিহাৰ ষ্টেট কোঅ’পাৰেটিভ মাৰ্কেটিং ইউনিয়ন লিমিটেডৰ তৰফৰ পৰা প্ৰতিজন লোকক ৩৫ টকাকৈ যোগান ধৰা হৈছে পিয়াঁজ । ইফালে , কাৰোবাৰ ঘৰত বিবাহ অনুষ্ঠান থাকিলে বিবাহৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাই নিব পাৰিব ২৫ কেজি পিয়াঁজ । এনেদেৰ পিয়াঁজ বিক্ৰীৰ পাচতেই বহু ঠাইত ক্ৰেতাৰ মাজত সংঘটিত হৈছে টনা-আজোঁৰা , হতাহতিৰ দৰে ঘটনা । তেনে পৰিপ্ৰেক্ষিতত চৰকাৰী কৰ্মচাৰী সকলে নিজক সুৰক্ষিত ৰাখিবৰ বাবে পৰিধান কৰিছে হেলমেট । কিয়নো পিয়াঁজ বিক্ৰীৰ এই সময়ছোৱাত কৰ্মচাৰীৰ গালৈ শিল দলিওৱাৰ দৰে ঘটনাও সংঘটিত হৈছে অঞ্চল বিশেষে ।

You might also like