নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ অত্যধিক শকত হোৱাৰ বাবে কোটি টকাৰ অবৈধ লেনদেনৰ গোচৰৰ অভিযুক্ত পঞ্জাবৰ বাসিন্দা এজন যুৱকক পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে জামিন দিছে৷ উল্লেখনীয় যে অত্যধিক শকত হোৱাৰ বাবে বিভিন্ন ৰোগত আক্রান্ত হৈ আছে যুৱকজন৷ অবৈধ ধনৰ লেনদেনৰ গোচৰত অভিযুক্ত ৩৮ বছৰীয়া প্রাঞ্জিল বাত্রাৰ ওজন ১৫৩ কিলোগ্রাম৷ আঠ মাহ ধৰি আম্বালা কাৰাগাৰত বন্দী হৈ আছিল প্রাঞ্জিল৷