নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ৰাজস্থানত উপ–মুখ্যমন্ত্রী তথা প্রদেশ কংগ্রেছৰ মুৰব্বী শচীন পাইলট আৰু আন দুগৰাকী মন্ত্রীক বর্খাস্ত কৰাৰ পাছত পাইলটৰ শিবিৰে বিজেপিত যোগদান কৰিব বুলি বিভিন্ন মহলে সন্দেহ কৰিছিল যদিও আজি নেতাগৰাকীয়ে স্পষ্ট কৰি দিছে যে তেওঁ বিজেপিত যোগদান নকৰে৷ বিজেপিত যোগদান কৰিব বুলি ওলোৱা প্রচাৰ নেতাগৰাকীক হেয় কৰাৰ এক অভিসন্ধি বুলি পাইলটে ঘোষণা কৰিছে৷
ইফালে আজি ৰাজ্যখনত সকলো জিলা, ব্লক কংগ্রেছ কমিটী আজি দলে ভংগ কৰি দিছে৷ জিলা আৰু ব্লক কংগ্রেছসমূহৰ পৰা যাতে কোনো ধৰণৰ বিদ্রোহৰ কথা সূচনা নহয়, এই কথাটোত গুৰুত্ব প্রদান কৰিয়ে দলৰ শীর্ষ নেতৃত্বই এই সিদ্ধান্ত লৈছে৷ ইফালে পাইলটসহ ১৮গৰাকী বিধায়কলৈ ৰাজস্থান সচিবালয়ে জাৰি কৰিছে জাননী৷ কংগ্রেছ বিধায়িনী দলৰ বৈঠকত উপস্থিত নথকাৰ কাৰণ দর্শাবলৈ জাননী জাৰি কৰা হৈছে পাইলটসহ আন বিধায়কসকলক৷ একে সময়তে দলৰ শীর্ষ নেতৃত্বই শচীন পাইলটক কংগ্রেছলৈ পুনৰ ওভতাই অনাৰ প্রচেষ্টাও অব্যাহত ৰাখিছে৷ শচীন পাইলটে বিজেপিত যোগদান নকৰে বুলি ঘোষণা কৰাৰ পাছতেই দলৰ কেইবাগৰাকীও নেতাই জয়পুৰলৈ পাইলটক উভতি আহি কংগ্রেছৰ কাম–কাজত মনোনিৱেশ কৰিবলৈ অনুৰোধ জনাইছে৷