নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধঃ কেৰালাত ৫ ছেকেণ্ডতে ভাঙিলে দুটাকৈ বিলাসী এপার্টমেণ্ট

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ উপকূলীয় নিয়ম উলংঘা কৰি কেৰালাৰ কোচিত সাগৰৰ পাৰত নির্মাণ কৰা দুটাকৈ ১৯ মহলীয়া বিলাসী আৱাসিক এপার্টমেণ্ট শনিবাৰে উচ্চ প্রযুক্তিৰ সহায়েৰে ৫ ছেকেণ্ডতে ধ্বংস কৰি পেলায়৷

এই বিলাসী এপার্টমেণ্ট দুটাত চাৰিটা এপার্টমেণ্ট কমপ্লেক্স আছিল আৰু ইয়াত ৩৫০টাতকৈও অধিক ফ্লেটত ২৪০টা পৰিয়ালে বাস কৰিছিল৷ চাৰি মাহ পূর্বে উচ্চতম ন্যায়ালয়ে এপার্টমেণ্ট দুটা উপকূলীয় নীতি উলংঘা কৰি নির্মাণ কৰা বুলি ৰায়দান কৰাৰ পাছত শনিবাৰে দিনৰ ১১ বজাত কেৰালা চৰকাৰে এপার্টমেণ্ট দুটা ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়৷

গৃহহীন পৰিয়ালসমূহক ২৫ লাখকৈ ক্ষতিপূৰণ দিবলৈ চৰকাৰক নির্দেশ দিছে ন্যায়ালয়ে৷

You might also like