নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণৰ শুভাৰম্ভ

নিয়মীয়া বার্তা, ২৭মেঃ বহু প্রতীক্ষিত ৰাম মন্দিৰ নির্মাণৰ কাম আজিৰে পৰা আৰম্ভ হৈছে৷ যোৱাবছৰ উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰাৰ পাছৰে পৰা ৰাম মন্দিৰ নির্মাণৰ তৎপৰতা আৰম্ভ হৈছিল৷ নির্মাণকার্যৰ শুভাৰম্ভ হোৱাৰ পূর্বে ৰাম জন্মভূমি তীর্থক্ষেত্রত ন্যাসৰ অধ্যক্ষ মহন্ত মিত্রগোপাল দাসে ২৮ বছৰ পাছত ৰামলালাৰ দর্শন কৰে৷ ইয়াৰ পাছতে ন্যাসৰ অধ্যক্ষগৰাকীয়ে মন্দিৰ নির্মাণৰ প্রাক্ক্ষণত পূজা–র্চনা আগবঢ়ায়৷ লগে লগে ঐতিহাসিক মন্দিৰ নির্মাণ মুহূর্তৰ শুভাৰম্ভ ঘটে অযোধ্যাত৷ইফালে, আজি ৰাম মন্দিৰ নির্মাণকার্য আৰম্ভ হোৱাৰ লগে লগে দেশৰ হিন্দু সমাজে বিষয়টোক লৈ উৎসাহ প্রদর্শন কৰিছে৷

মন্দিৰটোৰ নির্মাণকার্যৰ শুভাৰম্ভৰ মুহূর্ততে নেপালৰ প্রাক্তন উপ–প্রধানমন্ত্রী কমল থাপায়ো এই কার্যত সন্তুষ্টি প্রকাশ কৰিছে৷ ৰাষ্ট্রীয় প্রজাতন্ত্র পার্টীৰ অধ্যক্ষ তথা নেপালৰ প্রাক্তন উপ–প্রধানমন্ত্রীগৰ্ এই শুভ ক্ষণত উল্লেখ কৰিছে যে ভগৱান ৰামচন্দ্রৰ জন্মস্থলী অযোধ্যাত ৰাম মন্দিৰ নির্মাণকার্য আৰম্ভ হোৱাটো সুখৰ কথা৷ সমগ্র নেপালৰ জনসাধাৰণৰ বাবে এয়া এক সুখৰ মুহূর্ত বুলিও কমল থাপাই উল্লেখ কৰে৷ এইক্ষেত্রত মন্দিৰ নির্মাণৰ বাবে যিসকলে দীর্ঘদিন ধৰি যুঁজ কৰিছিল, তেওঁলোকলৈ শুভেচ্ছাও জ্ঞাপন কৰে নেপালৰ নেতাগৰাকীয়ে৷

ইফালে, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনেও মন্দিৰৰ নির্মাণকার্য আৰম্ভ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্রকাশ কৰিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে ‘জয় শ্রীৰাম’ বুলি উল্লেখ কৰি হর্ষবর্ধনে কৈছে যে আজিৰ এই স্বর্ণিল মুহূর্ত ইতিহাসত খোদিত হৈ থাকিব৷ সনাতন ধর্মৰ মহাপুৰুষ তথা ইষ্ট দেৱতা ৰামৰ জন্মস্থলী অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ শুভাৰম্ভ হোৱাটো দেশবাসীৰ বাবে এক সুখৰ মুহূর্ত বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ আনকি শ্রীৰামৰ কৃপাতেই ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশবাসীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব বুলিও মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷

লক্ষণীয়ভাৱে দেশজুৰি লকডাউন অব্যাহত থকা সত্ত্বেও এই সময়ছোৱাত ৰাম মন্দিৰ নির্মাণৰ বাবে বৰঙণি হিচাপে আহিছে ৪ কোটি ৬০ লাখ টকা৷ ৰাম মন্দিৰ নির্মাণৰ বাবে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ নামত মুকলি হোৱা একাউণ্টত বিভিন্ন স্থানৰ পৰা এই বৃহৎ ধনৰাশি ৰামভক্তসকলে জমা কৰিছে৷ মন্দিৰ নির্মাণৰ শুভ মুহূর্ততে ৰাম মন্দিৰৰ প্রধান পুৰোহিত আচার্য সত্যেন্দ্র দাসে উল্লেখ কৰিছে যে ধনৰ অভাৱত মন্দিৰ নির্মাণৰ কামত বাধা নাহে৷ ভৱিষ্যতে গগনচুম্বী ৰাম মন্দিৰ নির্মাণ হ’ব বুলি ভক্তসকলে কামনা কৰে বাবেই লকডাউনৰ সময়তো এই বৃহৎ ধনৰাশি দান হিচাপে আগবঢ়াইছে বুলি পুৰোহিতগৰাকীয়ে উল্লেখ কৰে৷

ভক্তসকলে এনেদৰে দান–বৰঙণি আগবঢ়োৱা বাবেই পুৰোহিতগৰাকীয়ে সকলোকে ধন্যবাদো জ্ঞাপন কৰিছে৷ ইফালে, চৰকাৰৰ কেইবাগৰাকীও নেতা তথা মন্দিৰ নির্মাণৰ বাবে দীর্ঘদিন ধৰি আইনী যুঁজ চলোৱা ব্যক্তি তথা সংগঠনেও আজি ৰাম মন্দিৰ নির্মাণৰ শুভাৰম্ভক লৈ সন্তুষ্টি প্রকাশ কৰিছে৷

You might also like