নিয়মীয়া বাৰ্তা, ২ মার্চঃ উত্তৰপ্রদেশৰ অযোধ্যাত নির্মাণ হ’বলগা বহুপ্রতীক্ষিত ৰাম মন্দিৰৰ কাম আৰম্ভ হোৱাৰ পথত ৷ অযোধ্যাৰ ৰাম জন্মভূমিত ইতিমধ্যে মাটি পূৰোৱা কাম আৰম্ভ হৈছে ৷ ৰাম মন্দিৰৰ বাবে আবণ্টন হোৱা ৫ একৰ ভূমিত নির্মাণ হ’ব ৰাম মন্দিৰ ৷ অস্থায়ী মন্দিৰৰ মুখ্য পুৰোহিত আচার্য সত্যেন্দ্র দাসে আজি পুৱা সংবাদ মাধ্যমৰ আগত কয়– ‘এয়া হিন্দুসকলৰ বাবে স্মৰণীয় মুহূর্ত যে অৱশেষত আমি এতিয়া মন্দিৰ নির্মাণৰ কামত আগবাঢ়িছোঁ৷ যন্ত্রৰ জৰিয়তে মাটি পূৰণ কৰা কাম আৰম্ভ হৈছে আৰু সৰু–ডাঙৰ গছসমূহ কাটি ঠাইডোখৰ মুকলি কৰা হৈছে৷’ উল্লেখ্য যে অস্থায়ী মন্দিৰৰ পৰা ৰাম লালাৰ মূর্তি ১৫০ মিটাৰ দূৰত্বত থকা মানস ভৱনলৈ নিয়া হ’ব আৰু মূল মন্দিৰ সম্পূর্ণ নোহোৱালৈকে এই মূর্তিক বুলেট প্রুফ সুৰক্ষা প্রদান কৰি ৰখা হ’ব৷ ৰাম জন্মভূমিৰ স্থানত আন ১২টা প্রাচীন মন্দিৰ আছে৷ ইয়াৰ মাজত উল্লেখযোগ্য হ’ল ৰাম জন্মস্থান আৰু সীতা ৰাছৈ৷ এই মন্দিৰসমূহৰ ধ্বংসাৱশেষহে আছেগৈ৷ চৰকাৰে নিজৰ আয়ত্তলৈ অনাৰ পাছত ৰাম জন্মভূমিত ১৯৯৩ চনৰ পৰা কোনোধৰণৰ ধর্মীয় পূজা–পাতল কৰা হোৱা নাই ৷