অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ
ন্যাস গঠন প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ। ২০১৯চনত উচ্চতম ন্য়ায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ঐতিহাসিক ৰায়দানৰ পাছত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৩ মাহৰ ভিতৰত ন্যাস গঠনৰ নিৰ্দেশ দিছিল। সেই মৰ্মে আজি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ নামৰে ন্যাস গঠন প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।
লোকসভাত এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাম মন্দিৰ নিৰ্মাণ ন্যাসক ৬৭একৰ ভূমি প্ৰদান কৰাৰ উপৰিও মছজিদ নিৰ্মাণৰ বাবেও চু্ন্নী ৱাকফ ব’ৰ্ডক ৫একৰ ভূমি প্ৰদানত অনুমোদন উত্তৰ প্ৰদেশ চৰকাৰৰ। অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ উচ্চতা হ’ব ১২৮ ফুট।