নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যা বিবাদৰ ওপৰত স্পৰ্শকাতৰ টুইট কৰি সাংবাদিক গ্ৰেপ্তাৰ

নিউজডেস্ক, ১৭ নৱেম্বৰঃ অযোধ্যা ৰায় আৰু হিন্দু মহাসভাৰ প্রাক্তন নেতা কমলেশ তিৱাৰী হত্যাৰ ঘটনাৰ সন্দৰ্ভত ক্ষতিকাৰক টুইট প’ষ্ট কৰাৰ অভিযোগত শনিবাৰে দিল্লীৰ এগৰাকী ৩৫ বছৰীয়া সাংবাদিকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা আলী সোহৰাব নামৰ এই লোকজনৰ টুইটাৰ একাউণ্ট মতে তেওঁ এগৰাকী সাংবাদিক বুলি জানিব পৰা গৈছে । য’ত তেওঁক ১.৬ লাখ মানুহে টুইটাৰত অনুকৰণ কৰে । ইতিমধ্যে আৰক্ষীয়ে লোকজনৰ পৰা ২ টাকৈ লেপটপ আৰু এটা ফোন জব্দ কৰিছে ।

You might also like