নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াত ক’ৰোনা প্ৰতিৰোধী টিকাৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অষ্ট্ৰেলিয়াৰ চিকিৎসা বিজ্ঞানীয়ে দুটাকৈ ক’ৰোনা ভাইৰাছৰ টিকাৰ পৰীক্ষা আৰম্ভ কৰিছে পৰীক্ষাগাৰত অষ্ট্ৰেলিয়াৰ বিজ্ঞানীয়ে ইয়াৰ পৰীক্ষা আৰম্ভ কৰাৰ লগে লগে বিভিন্ন মহলে সফলতাৰে মাৰাত্মক ভাইৰাছবিধৰ টিকা উদ্ভাৱন কৰা সম্ভৱ হ’ব বুলি আশা প্ৰকাশ কৰিছে। স্মৰ্তব্য যে এই দুটাকৈ টিকা প্ৰস্তুত কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু আমেৰিকান কোম্পানী ইনভিঅ ফাৰ্মাচিউটিকেলে। অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলে পৰীক্ষাগাৰত জন্তুৰ শৰীৰত ইয়াক পৰীক্ষা কৰাৰ অনুমোদন লাভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা। যদি এই টিকা ক’ৰোনা প্ৰতিৰোধত সফল হয়, তেন্তে অষ্ট্ৰেলিয়াৰ নেচনেল ছায়েন্সে ইয়াক মানুহৰ বাবে নিৰাপদ হ’বনে নাই তাৰ পৰীক্ষা চলাব। স্মৰ্তব্য যে বিশ্বৰ বিভিন্ন দেশত ক’ৰোনা ভাইৰাছ প্ৰতিৰোধী টিকা অহৰহ প্ৰচেষ্টা চলাই আছে চিকিৎসা বিজ্ঞানীসকলে।

You might also like