অহা ২০ এপ্ৰিলৰ পৰা ই-কৰ্মাচ কোম্পানী সমূহে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব
নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণৰ পৰা যিকেইটা অঞ্চল হটস্পট হোৱা নাই সেই সমূহ অঞ্চলত অহা ২০ এপ্ৰিলৰ পৰা ই-কৰ্মাচ কোম্পানী সমূহে যেনে মবাইল ফোন, ফ্ৰীজ, টিভি, এচি আৰু এয়াৰ কুলাৰৰ দৰে ইলেকট্ৰনিক সামগ্ৰী বিক্ৰী কৰিব পাৰি। এইয়া কেৱল অনলাইনৰ জৰিয়েত বিক্ৰী কৰা হ’ব। এই সন্দৰ্ভত বুধবাৰে কেন্দ্ৰই কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। য’ত ই-কৰ্মাচ আৰু কুৰিয়াৰ কোম্পানী সমূহক ২০ এপ্ৰিলৰ পৰা কাম কৰিবলৈ অনুমতি দিছে। এই সন্দৰ্ভত নিৰ্দেশনাত কোৱা হৈছে যে ই-কৰ্মাচ কোম্পানী বিলাকে পৰিবহন কৰা বাহন সমূহ বিভাগীয় অনুমতি লৈহে এনে কাৰ্য সম্পাদন কৰিব পাৰিব।