অহা ২২ মাৰ্চত জনতা কাৰ্ফিউৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
- ক’ৰনোা মহামাৰী গোটেই বিশ্বৰ মানৱ জাতিৰ বাবে সংকট
- দেশবাসীক সজাগ হৈ থাকিবলৈ আহ্বান মোডীৰ
- ১৩০ কোটি জনতাই কৰোনাক ৰোধ কৰিবলৈ নাগৰিক হিচাপে কৰ্তব্য পালন কৰিব লাগিব
- নিজে সংক্ৰমণৰ পৰা বাচিব লাগিব আৰু আন জনকো সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব
- এই মহামাৰীৰ পৰা বাচিবল ধৈৰ্য্য ধৰিব লাগিব প্ৰথমতে ভিৰৰ পৰা বাচিব লাগিব,
- যিহেতু ইয়াৰ কোনো প্ৰতিষেধক নাই গতিকে জন সমাগমলৈ যাব নালাগে
- লগতে জ্যেষ্ঠ নাগৰিক সকলে যাতে ঘৰৰ পৰা বাহিৰলৈ নাযায়।
- অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ নাযাব
- জনতাই নিজে কাৰ্ফিউ লগাব লাগিব
- ২২ মাৰ্চৰ দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ সকলো দেশবাসীক জনতাৰ কাৰ্ফিউ লগাবলৈ আহ্বান।
- সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান
- এই প্ৰয়াসে দেশক সুৰক্ষিত কৰাৰ এক প্ৰতীক
- ৰাজ্য চৰকাৰ সমূহৈও আহ্বান যাতে জনতা কাৰ্ফিউ সুকলমে কৰিব পাৰে
- ক’ৰোনাৰ বাবে দেশৰ অৰ্থনীতিৰ ওপৰতো পৰিছে
- যাৰ বাবে COVID 19 টাস্ক ফৰ্চ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ নেতৃত্বত গঠন কৰা হ’ব
- আগন্তুক কিছুদিন কাৰ্যালয়লৈ নাযাব। মালিক পক্ষক দৰমহা কৰ্তন নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
- কোনো অত্যৱশ্যকীয় সামগ্ৰীৰ নাতনি নহয় বুলি আশ্বাস প্ৰধানমন্ত্ৰীৰ