অৰুণাচলৰ অপহৃত মিৰামক বৈদ্যুতিক শ্বক দিছিল চীনৰ পিএলএই
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ অপহৰণৰ ১৩ দিন পিছত ঘৰলৈ উভতি অহাৰ সুযোগ লাভ কৰা অৰুণাচল প্রদেশৰ যুৱক মিৰাম টাৰোনে চীনা সেনাৰ পাশৱিক আতিশয্যৰ কাহিনী বর্ণনা কৰিছে৷ অৰুণাচল প্রদেশৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ৰ পৰা অপহূত এই যুৱকজনৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি চীনৰ পিপল্ছ লিবাৰেচন আর্মী (পিএলএ)ৰ শিবিৰত হাত–ভৰি বান্ধি পাশৱিক আতিশয্য চলোৱা হৈছিল তেওঁৰ পুত্রক৷ আনকি মিৰাম টাৰোনক পি এল এই বৈদ্যুতিক শ্বকো দিছিল৷ চীনা সেনাৰ শিবিৰত ৯ দিন বন্দী হৈ থকাৰ সময়ত মানসিক উৎপীড়নো সহ্য কৰিবলগীয়া হৈছিল মিৰাম টাৰোনে৷ বন্দিত্বৰ সময়ছোৱাত বাৰে বাৰে চীনা সেনা বিষয়াই আহি ভাবুকি দিছিল এই যুৱকজনক৷ আনকি কাণৰ ওচৰত স্বয়ংক্রিয় ৰাইফলৰ নল ৰাখি মৃত্যুৰ ভাবুকি পর্যন্ত দিয়া হৈছিল মিৰামক৷ গতিকে চীনা সেনাই মিৰামক ভাৰতৰ হাতত গতাই দিছে যদিও ঘৰলৈ উভতি আহিও আতংকৰ মাজত আছে যুৱকজন৷ উল্লেখনীয় যে মিৰামৰ শৰীৰত চীনা সেনাই চলোৱা আতিশয্যৰ আঘাতৰ চিন স্পষ্ট হৈ আছে৷ স্মর্তব্য যে ২০২০ চনৰ ছেপ্ঢেম্বৰ মাহত অনুৰূপ ধৰণে অৰুণাচলৰ পাঁচজন গঞাক অপহৰণ কৰি চীনা সেনাই একেই পাশৱিক আতিশয্য চলাইছিল৷ সেই ঘটনাৰ স্মৃতি অৰুণাচলী গঞাকেইজনৰ মনত আজিও সজীৱ হৈ আছে৷