অৱশেষত শ্বাহীনবাগৰ প্ৰতিবাদ ভংগ
নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ অৱশেষত নতুন দিল্লীত শ্বাহীনবাগৰ প্ৰতিবাদস্থলী খালী কৰোৱায় আৰক্ষীয়ে। ক’ৰোনাৰ ভাইৰাছৰ বাবে দিল্লী চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনক লৈ বিগত ৩ মাহ ধৰি শ্বাহীনবাগত ধৰ্ণা তথা বিক্ষোভ প্ৰদৰ্শন কৰি আহিছিল সেই অঞ্চলৰ ৰাইজে। কিন্তু দিল্লী চৰকাৰে ক’ৰোনাৰ বাবে ৰাজ্যখনক লক ডাউন ঘোষণা কৰাৰ পৰিপেক্ষিতত দিল্লী আৰক্ষীয়ে মঙলবাৰে পুৱা শ্বাহীনবাগ অঞ্চল খালী কৰোৱায় । কেইবাগৰাকী মহিলাক এই কাৰ্যত বাধা প্ৰদান কৰাৰ বাবে দিল্লী আৰক্ষীয়ে আটক কৰে।