আছিয়ানৰ সন্মিলনত দক্ষিণ চীন সাগৰক লৈ অসন্তুষ্টি
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ দক্ষিণ–পূব এছীয় ৰাষ্ট্রসমূহৰ সংস্থা ‘আছিয়ান’ৰ আজি ৩৬সংখ্যক সন্মিলন অনুষ্ঠিত হয় ভিয়েটনামৰ ৰাজধানী হানয়ত৷ এই সন্মিলনত সদস্য দেশসমূহত নেতাসকলে ক’ৰোনা ভাইৰাছ মহামাৰীৰে বিশ্বজুৰি সৃষ্টি কৰা সংকটৰ বিষয়টোক লৈ আলোচনা আগবঢ়ায়৷ ইফালে এদিনীয়া এই ভার্চুৱেল সন্মিলনত কেইবাখনো ৰাষ্ট্রই দক্ষিণ চীন সাগৰত চলি থকা বিবাদৰ বিষয়টোৰ ওপৰতো মন্তব্য আগবঢ়ায়৷ দক্ষিণ চীন সাগৰত বেইজিং প্রশাসনৰ প্রবল আধিপত্য দাবীৰ বিষয়টো সন্দর্ভত আছিয়ানৰ সন্মিলনত কেইবাগৰাকীও নেতাই মুকলি ক্ষোভ প্রকাশ কৰে৷ উল্লেখনীয় যে দুদিনীয়া কার্যসূচীৰে এই সন্মিলন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও আয়োজক দেশ ভিয়েটনামে সেই সিদ্ধান্ত পৰিহাৰ কৰি ইয়াক এদিনীয়া ভার্চুৱেল সন্মিলনলৈ সংকুচিত কৰা হয়৷
এক খচৰা ঘোষণা–পত্রত ভিয়েটনামৰ তৰফৰ পৰা আছিয়ানৰ হৈ উল্লেখ কৰা হৈছে যে সমগ্র অঞ্চলটোৰ প্রতিখন দেশেই ক’ভিড–১৯ মহামাৰীত সৃষ্টি হোৱা সংকটক লৈ উদ্বিগ্ণ৷ বিশ্বই আজি যি প্রত্যাহ্বানৰ সন্মুখীন হৈছে তাক লৈ প্রতিখন দেশেই পৰৱর্তী সময়ত নতুন প্রত্যাহ্বান সৃষ্টি হ’ব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে থাইলেণ্ডে বৃহৎ পৰিমাণৰ পুঁজি আছিয়ান ৰাষ্ট্রসমূহক এই মুহূর্তত প্রয়োজন বুলিও ঘোষণা কৰিছে৷ দেশখনে এক লাখ ডলাৰ এইক্ষেত্রত আগবঢ়োৱাৰ উপৰি চীন, জাপান, দক্ষিণ কোৰিয়াকে ধৰি অন্যান্য সদস্য ৰাষ্ট্রবোৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলিও আশা প্রকাশ কৰিছে৷