নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ চুফী সন্ত খাৱাজা মইনুদ্দিন চিস্তিৰ ৮০৮সংখ্যক মৃত্যু দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি আজমেৰ শ্বৰীফলৈ এখন চাদৰ উৎসর্গা কৰে৷ এক বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়– ‘খাৱাজা’ মইনুদ্দিন চিস্তিৰ ৮০৮সংখ্যক মৃত্যু দিৱসত বিশ্বজুৰি থকা তেওঁৰ ভক্তসকললৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ তেওঁ বিশ্বলৈ মানৱতাৰ বাণী প্রেৰণ কৰিছিল আৰু মই সেই সন্তজনৰ জয়ন্তীত শ্রদ্ধাঞ্জলি জনাব বিচাৰোঁ৷ ভাৰত আধ্যাত্মিক পৰম্পৰাৰ এখন চহকী দেশ আৰু চুফী–সন্তসকলে সদায়েই তেওঁলোকৰ আদর্শ আৰু বিশ্বাসেৰে দেশৰ সাংস্কৃতিক একতা ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল৷ এই শান্তি আৰু একতাৰ বার্তাই আমাক নিয়মানুৱর্তী আৰু ধৈর্যশীল হ’বলৈ অনুপ্রাণিত কৰে৷