নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ঘোষণা হ’ব চিবিএছইৰ দশম শ্রেণীৰ ফলাফল

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) অনুষ্ঠিত কৰা দশম শ্রেণীৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী ৰমেশ পোখৰিয়ালে এক টুইটযোগে এই কথা সদৰী কৰিছে৷

উল্লেখ্য যে চি বি এছ ইৰ অধীনস্থ বিদ্যালয়সমূহৰ প্রায় ১৬ লাখ ছাত্র–ছাত্রী এইবাৰ দশম শ্রেণীৰ পৰীক্ষাত অৱতীর্ণ হৈছে৷ এইবাৰ দশম শ্রেণীৰ মূল বিষয়সমূহৰ পৰীক্ষা লকডাউনৰ পূর্বে অনুষ্ঠিত হৈছিল যদিও দেশত ক’ৰোনাৰ সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত কেইবাটাও বিষয়ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হয়৷

এনে প্রেক্ষাপটত ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা বিষয়সমূহত প্রাপ্ত নম্বৰৰ ভিত্তিত গড় নম্বৰ প্রদান কৰাৰ এক বিশেষ ব্যৱস্থা লোৱা হৈছে৷ কেইবাটাও ৱেবছাইটযোগে কাইলৈ পুৱা দশম শ্রেণীৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব

You might also like