নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ কেৰালাৰ ত্রিবান্দ্রম বিমানবন্দৰ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ (এএআই)য়ে আদানী এণ্টাৰপ্রাইজেছক ৫০ বছৰৰ বাবে হস্তান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা বিষয়টোত ক্ষুব্ধ হৈছে ৰাজ্য চৰকাৰ৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এএআইৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই এক আবেদনো দাখিল কৰিছে কেৰালা চৰকাৰে৷ স্মর্তব্য যে কেৰালা ৰাজ্যিক উদ্যোগ উন্নয়ন নিগমে অন্তিম মুহূর্তলৈ এই বিমানবন্দৰ লাভৰ বাবে যুঁজ দিছিল যদিও এএআইৰ তৰফৰ পৰা আদানী গ্রুপক বিমানবন্দৰ হস্তান্তৰকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ যোৱা বছৰ ফেব্রুৱাৰী মাহতেই ত্রিবান্দ্রম বিমানবন্দৰ ধনকুবেৰ আদানীৰ প্রতিষ্ঠানটোক দিয়া হৈছিল৷ কেৰালা চৰকাৰে এএআইৰ এনে একপক্ষীয় সিদ্ধান্ত গ্রহণযোগ্য নহয় বুলি যুক্তি দর্শাইছে৷ কেন্দ্রীয় চৰকাৰে এনে গুৰুত্বপূর্ণ বিষয় লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিব লাগে যদিও বিমানবন্দৰ হস্তান্তৰকৰণৰ ক্ষেত্রত কোনো ধৰণৰ নিয়ম মানি চলা নাই মোদী চৰকাৰে৷