আফগানিস্তানৰ শিখ–হিন্দুক জৰুৰীকালীন শৰণার্থী সুৰক্ষাৰ দাবী
ট্রাম্প চৰকাৰৰ বৈদেশিক মন্ত্রীক পত্র ২০ জনপ্রতিনিধিৰ
নিয়মীয়া বার্তা, ২৮ জুনঃ ধর্মীয় সংখ্যালঘু হোৱাৰ বাবে আফগানিস্তানত নির্যাতনৰ বলি হোৱা হিন্দু আৰু শিখ সকলৰ বাবে জৰুৰীকালীন শৰণার্থী সুৰক্ষা প্রদানৰ দাবী তুলিছে ২০ আমেৰিকান জনপ্রতিনিধিয়ে৷ ট্রাম্প চৰকাৰৰ বৈদেশিক মন্ত্রী মাইক পম্পি’লৈ পত্র লিখি ২০ ছিনেটৰে আফগানৰ হিন্দু–শিখৰ সুৰক্ষাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনোৱা বিষয়টোৱে তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে পাকিস্তান, বাংলাদেশ, আফগানিস্তানত থকা ধর্মীয় সংখ্যালঘুৱে নির্যাতিত হৈ ভাৰতলৈ আহি বসবাস কৰি থকাৰ পিছত সেই লোকসকলক নাগৰিকত্ব প্রদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছতে দেশৰ লগতে বিদেশতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ ক’ৰোনা ভাইৰাছে সেই প্রতিক্রিয়া শাম কটোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ ২০ জনপ্রতিনিধিয়ে দেশখনত হিন্দু–শিখ ধর্মীয় নির্যাতনৰ বলি হোৱা বুলি সেই দেশখনৰ নাগৰিকসকলক সুৰক্ষাৰ বাবে দাবী জনোৱা বিষয়টো চর্চিত হৈছে৷ শিখ–হিন্দুৰ ধর্মীয় স্বাধীনতা সুৰক্ষাৰ বাবে ট্রাম্প চৰকাৰক শীঘ্রে পদক্ষেপ গ্রহণ কৰিবলৈ জনপ্রতিনিধিয়ে দাবী জনোৱাটো নিশ্চয়কৈ গুৰুত্বপূর্ণ।