নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফজলৰ ফাঁচিৰ তদন্ত দাবী আলিয়াৰ মাতৃ ৰাজদানৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বলীউডৰ অভিনেত্রী আলিয়া ভাটৰ মাতৃ ছোনী ৰাজদানে সংসদ ভৱন আক্রমণৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ড লাভ কৰা আফজল গুৰুৰ ফাঁচিৰ তদন্ত দাবী কৰা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য ৷ আফজল গুৰুৰ ফাঁচি ন্যায় ব্যৱস্থাৰ বাবে এক প্রহসন বুলিও অভিহিত কৰিছে ৰাজদানে ৷ ছোনী ৰাজদানে অভিযোগ কৰা অনুসৰি আফজল গুৰুক বলিৰ পঠা সজোৱা হৈছিল সংসদ ভৱন আক্রমণৰ গোচৰত ৷ উল্লেখনীয় যে ৰাজদানো পেছাত এগৰাকী অভিনেত্রী ৷ অভিনেত্রী গৰাকীয়ে এই ঘটনাৰ তদন্ত দাবী কৰাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া ৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে ৰাজদানে মৃত্যুদণ্ড সন্দর্ভত অসন্তুষ্টি প্রকাশ কৰি কৈছে যে চৰম শাস্তিক কেতিয়াও সহজভাৱে গ্রহণ কৰিব নালাগে ন্যায়ালয়ে ৷ আফজল গুৰুক কিয় বলিৰ পঠা সজোৱা হৈছিল তাৰ প্রামাণিক তথ্য লাগিব বুলি ৰাজদানে দাবী কৰাৰ উপৰি জম্মু–কাশ্মীৰত ডিজিপি দেবিন্দৰ সিঙৰ বিৰুদ্ধে আফজলৰ দাবী সত্ত্বেও কিয় তদন্ত চলোৱা নহ’ল বুলি প্রশ্ণৰ অৱতাৰণাও কৰিছে ৷

You might also like