নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৬ সপ্তাহৰ শিশুৰ প্ৰাণহানি

ক'ৰোণা ভাইৰাছৰ সংহাৰী ৰূপ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বিশ্বৰ ভিতৰতে আটাইতকৈ কমবয়সীয়া ক’ৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে আমেৰিকাত। আমেৰিকাৰ কানেক্টিকাটত ক’ৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৬ সপ্তাহৰ এটি শিশুৱে। মাৰ্কিন প্ৰদেশখনৰ গৱৰ্নৰ নেড লাম’ণ্টে এই কথা ঘোষণা কৰিছে। উল্লেখনীয় যে ইতিমধ্যে আমেৰিকাত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱা লোকৰ সংখ্যাই ৫ হাজাৰ অতিক্ৰম কৰিছে। এই মাৰাত্মক ভাইৰাছবিধত দেশখনত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰিছে দুই লক্ষাধিক লোকে। অভাৱনীয়ভাৱে আমেৰিকাত প্ৰতিদিনে ভাইৰাছবিধত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। স্মৰ্তব্য যে দেশখনত আগন্তুক দুটা সপ্তাহ অধিক যন্ত্ৰণাদায়ক হ’ব বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছে। মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে দেশখনত দুই লক্ষাধিক লোকে প্ৰাণ হেৰুৱাব পাৰে বুলি হোৱাইট হাউচৰ চিকিৎসা বিশেষজ্ঞই সতৰ্কবাণী কৰিছে। প্ৰতিদিনে আমেৰিকাত গড়ে ৬০০কৈ লোকে প্ৰাণ হেৰুওৱা বুলি চিকিৎসা বিশেষজ্ঞসকলে ঘোষণা কৰিছে। স্মৰ্তব্য যে চীনৰ য়ুহানৰ পৰা বিস্তাৰ ঘটা এই মাৰাত্মক ভাইৰাছবিধে এতিয়া ইউৰোপ আৰু আমেৰিকাত সৃষ্টি কৰিছে সংহাৰ। বিশ্বৰ ১৯০খন দেশলৈ ইয়াৰ সংক্ৰমণ ঘটিছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে।

You might also like