নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদ–ৰাজকোট হাস্পতালত ২০০ শিশুৰ মৃত্যুত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ৰাজস্থানৰ কোটা আৰু যোধপুৰস্থিত চৰকাৰী হাস্পতালত নৱজাতক শিশুৰ মৃত্যুক লৈ দেশজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ সময়তে বিজেপিশাসিত ৰাজ্য গুজৰাটৰ ৰাজকোট আৰু আহমেদাবাদত দুখনকৈ হাস্পতালত প্রায় ২০০ শিশুৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷

উল্লেখনীয় যে ৰাজকোট অসামৰিক হাস্পতালত এটা মাহত ১৩৪ নৱজাতক শিশুৰ মৃত্যু হোৱাৰ উপৰি আহমেদাবাদৰ হাস্পতালত ৮৫টা শিশুৰ মৃত্যু হৈছে৷

এই ঘটনা সন্দর্ভত মুখ্যমন্ত্রী বিজয় ৰূপানিক সাংবাদিকে প্রশ্ণ কৰাৰ পিছত সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্রীগৰাকী৷

সাংবাদিকক এৰাই চলাৰ পিছতে ৰূপানিৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা আগবঢ়াইছে মহিলা কংগ্রেছৰ ৰাষ্ট্রীয় মুৰব্বী সুস্মিতা দেৱে৷ বিজেপিশাসিত গুজৰাটৰ চৰকাৰী হাস্পতালত এনেদৰে নৱজাতক শিশুৰ মৃত্যু হোৱাৰ পিছতে প্রধানমন্ত্রী মোদী, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধন আৰু ৰাজ্যখনৰ মুখ্যমন্ত্রী ৰূপানি কিয় মৌন হৈ আছে বুলি প্রশ্ণৰ অৱতাৰণা কৰে নেত্রীগৰাকীয়ে৷

You might also like