নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছ মুৰব্বী মোহন ভাগৱতৰ মন্তব্য

আশংকা বৃদ্ধি পাইছে তৃতীয় বিশ্বযুদ্ধৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্রুৱাৰীঃ সমাজত বৃদ্ধি পোৱা সংঘর্ষ আৰু অসন্তুষ্টিয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকা সজীৱ কৰি তুলিছে৷– শেহতীয়াকৈ এই মন্তব্য কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে৷ সংগঠনটোৰ শীর্ষ নেতাগৰাকীয়ে আহমেদাবাদত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে তৃতীয় বিশ্ব যুদ্ধৰ আশংকা আহি পৰিছে৷ বিশ্ববাসীৰ মাজত দূৰত্ব কমিছে, কিন্তু দুখনকৈ বিশ্ব যুদ্ধৰ প্রক্রিয়াই পুনৰ স্থান লাভ কৰিছে বুলি উল্লেখ কৰি তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত হোৱাৰ কথা দোহাৰে নেতাগৰাকীয়ে৷ বিভিন্ন পর্যায়ত এই তৃতীয় বিশ্বযুদ্ধৰ প্রক্রিয়া চলা বুলি উল্লেখ কৰে ভাগৱতে৷ বিশেষকৈ সমাজত সংঘর্ষ আৰু অসন্তুষ্টিয়ে বিশ্ব যুদ্ধৰ এই আশংকা তীব্রতৰ কৰাৰ যুক্তি দর্শাই নেতাগৰাকীয়ে কয় যে সকলোৱে এতিয়া প্রতিবাদত লিপ্ত৷ প্রতিষ্ঠানৰ মালিক, কর্মচাৰী, চৰকাৰ, জনসাধাৰণ, শিক্ষার্থী, শিক্ষক সকলোৰে মাজত চলিছে কেৱল মতানৈক্য৷ কোনোৱেই যেন এতিয়া সুখী নহয়৷ গতিকে বিশ্বজুৰি ইয়াৰ দ্বাৰা যুদ্ধৰ আশংকা বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে ভাগৱতে৷

You might also like