নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভণিতে ক’ৰোনাৰে মোকাবিলা কৰা নাছিল চীনে

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ  চীনত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ সক্ষম হৈছে যদিও দেশখনে আৰম্ভণিতে এই ভাইৰাছবিধৰ মোকাবিলা কৰিবলৈ বিশেষ গুৰুত্ব নিদিয়া বুলি সঘনে অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ ৱ্ৰুহান চহৰত এগৰাকী মিছামাছ বিক্ৰী কৰা এগৰাকী ৫৭ বছৰীয়া মহিলাই উল্লেখ কৰিছে যে আৰম্ভনিতে বেইজিং প্ৰশাসনে এই মাৰাত্মক ভাইৰাছবিধ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’লে বিশ্বজুৰি ইয়াৰ বিস্তাৰ নঘটিলহেতেন। স্মৰ্তব্য যে আৰম্ভনিতে ৱ্ৰুহানত মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ ভিতৰত এই মহিলাগৰাকীও আছিল। কিন্তু এমাহজোৰা চিকিৎসাৰ পাছত ৱেই গুইজিয়ান নামৰ মহিলাগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ পৰিছে। স্মৰ্তব্য যে মাৰ্কিন সংবাদপত্ৰ ‘ৱাল ষ্ট্ৰীট জাৰ্নাল’-এ মহিলাগৰাকীৰ ব্যক্তব্যৰ উদ্ধৃতি দি এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ১০ ডিচেম্বৰত হুৱানন বজাৰত মিছামাছ বিক্ৰী কৰা এই মহিলাগৰাকী জ্বৰ আৰু কাহত অসুস্থ হৈ পৰিছিল। দুখনকৈ হাস্পতালত চিকিৎসা গ্ৰহণ কৰিও আৰোগ্য গ্ৰহণ নকৰাৰ বাবেই ৱ্ৰুহানৰ ইলেভেন্থ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰিবলৈ গৈছিল গুইজিয়ান। তেতিয়াই কৰণা ভাইৰাছত গুইজিয়ান আক্ৰান্ত হোৱাটো নিশ্চিত কৰে। গুইজিয়ানৰ দৰে বহু লোকে শেহতীয়াকৈ বেইজিং প্ৰশাসনক সমালোচনা কৰিছে। মাৰাত্মক ভাইৰাছবিধৰ মোকাবিলাৰ ক্ষেত্ৰত চীনে প্ৰাৰম্ভিক সময়তে তৎপৰতা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰে বহু লোকে।

You might also like