নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়া গেটত প্রিয়ংকা গান্ধীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ সদনত কেবৰ বিৰোধিতা কৰা বিৰোধী কংগ্রেছসহ দলসমূহে এতিয়া ‘কা’ৰ বিৰুদ্ধে ৰাজপথত প্রতিবাদত নামি পৰিছে ৷

সোমবাৰে নতুন দিল্লীৰ ইণ্ডিয়া গেটত ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ অংশ ল’লে কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ভদ্রাই ৷

প্রতিবাদত অংশ লৈ মোদী চৰকাৰে সংবিধান উলংঘনেৰে নতুন নাগৰিকত্ব সংশোধনী আইন দেশবাসীৰ ওপৰত জাপি দিবলৈ বিচাৰিছে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্রেছৰ নেত্রীগৰাকীয়ে ৷

ইপিনে, কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে ৰাজ্যখনত ‘কা’ বলৱৎ হ’বলৈ নিদিয়ে বুলি উল্লেখ কৰি প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে ৷ বাঁওপন্থীশাসিত ৰাজ্যখনত কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্রেছসহ সকলো ৰাজনৈতিক দল একত্রিত হৈছে ৷

You might also like