উচ্চতম ন্যায়ালয়ত পুনৰ দুগৰাকী নতুন ন্যায়াধীশক নিযুক্তি
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: দীর্ঘদিনৰ পিছত প্রথমবাৰলৈ পূর্ণ শক্তিৰে কাম কৰাৰ সুযোগ লাভ কৰিছে উচ্চতম ন্যায়ালয়ে৷ আজি দেশৰ শীর্ষ আদালতখনত শপত লৈছে দুগৰাকী নতুন ন্যায়াধীশে৷ ফলত ৯ মাহ পিছত সম্পূর্ণ ন্যায়াধীশৰ সংখ্যাৰে এতিয়া উচ্চতম ন্যায়ালয়ে গোচৰসমূহৰ বিচাৰ প্রক্রিয়াক ত্বৰান্বিত কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷ স্মর্তব্য যে শীর্ষ আদালতখনত ন্যায়াধীশৰ সংখ্যা ৩৪গৰাকী৷ আজি দুগৰাকী ন্যায়াধীশে শপত লোৱাৰ লগে লগে এই সংখ্যা পূৰণ হৈছে৷