নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰপ্ৰদেশত শ্বোৱাইন ফ্লুত ৯জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ মার্চঃ সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে উত্তৰপ্রদেশত শ্বোৱাইন ফ্লুত আক্রান্ত হৈ ৯জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ এই মৃত লোকসকলৰ ৬জনেই মীৰাটৰ ৷ আনহাতে, যোৱা ৪৮ ঘণ্টাত ১৭জনকৈ প্রভিঞ্চিয়েল আর্মড কনিষ্টবল এই জ্বৰত আক্রান্ত হৈছে ৷ মীৰাটৰ মুখ্য চিকিৎসা বিষয়া ৰাজকুমাৰে কয় যে ২৭জন পিএচি জোৱানক লালা লাজপট ৰায় মেম’ৰিয়েল মেডিকেল কলেজত ভর্তি কৰোৱা হৈছে ৷ ইয়াৰে ১৭জনৰ শৰীৰত শ্বোৱাইন ফ্লু থকাটো নিশ্চিত হৈছে ৷

You might also like