নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব ভ্ৰমণ কৰিবলৈ অমিত শ্বাহক প্ৰত্যাহ্বান ছোনিয়া গান্ধীৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনত দেশৰ প্রান্তে প্রান্তে সংঘটিত হিংসাত্মক ঘটনাৰ লগতে প্রতিবাদৰ জোৱাৰ তীব্রতৰ হৈ উঠাত চৰকাৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে এক বিবৃতি প্রকাশ কৰিছে ৷

বিবৃতিত ছোনিয়া গান্ধীয়ে কয়– দেশৰ জনতাৰ সুৰক্ষা আৰু শান্তি বর্তাই ৰখাটো চৰকাৰৰ দায়িত্ব ৷ কিন্তু বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে নিজৰ জনতাৰ ওপৰতেই আক্রমণ কৰিছে ৷

মোদী চৰকাৰে হিংসাক উচটনি দি জনতাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে আৰু দেশৰ যুৱৰ ভৱিষ্যৎ জ্বলাই দিছে ৷

তদুপৰি কংগ্রেছৰ সভানেত্রীগৰাকীয়ে উত্তৰ–পূবত তীব্র প্রতিবাদ সাব্যস্ত হৈ থকাৰ প্রসংগ উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক উত্তৰ–পূব ভ্রমণ কৰিবলৈ প্রত্যাহ্বান জনায় ৷

You might also like