নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূর্ণ কৰা ৬৬ বিদেশী জামাতীক অস্থায়ী কাৰাগাৰলৈ প্রেৰণ কৰিব উত্তৰ প্রদেশ চৰকাৰে৷ মুখ্যমন্ত্রী কার্যালয়ৰ নির্দেশ ক্রমে নতুন দিল্লীৰ নিজামুদ্দিন মার্কাজত অংশ লোৱা তবলিগী জামাতৰ ৬৬গৰাকী বিদেশী জামাতীক কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূর্ণ কৰাৰ পাছত অস্থায়ী কাৰাগাৰত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
আনপিনে এই জামাতীৰ সৈতে কোৱাৰেণ্টাইনত থকা আন ১২জনক টিবিয়া দেওবন্দৰ অধীনত পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে ৰকা হ’ব বুলি মুখ্যমন্ত্রী কার্যালয়ে প্রকাশ কৰিছে৷ সমগ্র দেশৰ লগতে উত্তৰ প্রদেশতো নিজামুদ্দিন জামাতীয়ে ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত চৰকাৰে আত্মগোপন কৰি থকা জামাতীৰ তথ্য দিব পাৰিলে সেই লোকক ১০ হাজাৰ টকা উপহাৰ দিব বুলি ঘোষণা কৰিছে৷