নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত পুনৰ স্বাস্থ্যকর্মীক আক্রমণ

দুর্বৃত্তৰ বিৰুদ্ধে কঠোৰ হ’ব যোগী

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰীক প্রতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে অবিৰাম যুঁজ কৰি থকাৰ সময়তে দেশৰ বিভিন্ন ৰাজ্যত চিকিৎসক তথা অন্যান্য স্বাস্থ্য কর্মীৰ ওপৰত আক্রমণ অব্যাহত ৰাখিছে দুর্বৃত্তই ৷ ক’ৰোনা প্রতিৰোধৰ বাবে দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ সময়তে আইন উলংঘাকাৰী দুর্বৃত্তই স্বাস্থ্য কর্মীসকলৰ ওপৰত চলোৱা আক্রমণৰ ঘটনাক কেন্দ্র কৰি বিভিন্ন ৰাজ্যত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ উত্তৰ প্রদেশৰ মোৰাদাবাদত বুধবাৰে ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোক এজনৰ পৰিয়ালৰ সদস্যক কঢ়িয়াই অনা এম্বুলেঞ্চ এখনৰ ওপৰত দুর্বৃত্তই শিলগুটি দলিয়াই উন্মাদনাৰ পৰিচয় দিয়ে৷ এই ঘটনাত এগৰাকী স্বাস্থ্যকর্মী গুৰুতৰভাৱে আহত হয়৷ ইফালে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অহা আৰক্ষীৰ ওপৰতো শিলগুটি দলিয়াই দুর্বৃত্তৰ দলে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ তাৎক্ষণিকভাৱে মুখ্যমন্ত্রী যোগী আদিত্যনাথে এনএছএৰ অধীনত দুর্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নির্দেশ দিছে৷ অনুৰূপ ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰতো ৷

You might also like