নিয়মীয়া বার্তা, ১ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে উত্তৰাখণ্ডৰ দুর্গম অঞ্চলত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ ব্যাপক চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷
বন্য কোৱাৰেণ্টাইন চেণ্টাৰ বুলি চর্চিত এই কেন্দ্রটি অতি বিপজ্জনক৷
কিয়নো নিশা এই কোৱাৰেণ্টাইন চেণ্টাৰৰ আশে–পাশে নাহৰফুটুকী চলাচল কৰাৰ সমান্তৰালকৈ বিভিন্ন প্রজাতিৰ বিষাক্ত সাপৰ বিচৰণভূমি৷
কিছুদিন পূর্বে ৰাজ্যখনৰ নাইনিতাল জিলাৰ বেতালঘাটত স্থাপন কৰা এই কোৱাৰেণ্টাইন চেণ্টাৰত বিষাক্ত সাপৰ দংশনত ১০ বছৰীয়া কন্যা শিশুৰ মৃত্যু ঘটিছিল৷