এদিনত দুগুনলৈ বৃদ্ধি ক’ভিড আক্ৰান্ত
ক’ভিডৰ তৃতীয় লহৰত থাউনি হেৰুৱাইছে দেশবাসীয়ে। বৃহস্পতিবাৰে নতুনকৈ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৯০,৯২৮ হৈছেগৈ। যি সংখ্যা বুধবাৰে আছিল ৫৮,০৯৭। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩২৫জনৰ। উল্লেখনীয় যে, যোৱা ৮ দিনৰ ভিতৰত ৬ গুণলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। দেশৰ মেট্ৰ’চহৰবোৰত ক্ৰমাৎ ভয়াৱহভাবে সংক্ৰমণ হৈছে এই ভাইৰাছৰ। এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰটকলৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হৈছে স্বাস্থ্য বিভাগ। আনহাতে, অমিক্ৰন আক্ৰান্তৰ সংখ্য়া ২৬৩০ লৈ বৃদ্ধি পাইছে। চৰকাৰী তথ্য মতে আৰোগ্য লাভ কৰাৰ সংখ্যা ৯৯৫ জন।