এনচিএ–এনচিচিইউৰ তথ্যত বিশ্বজুৰি হাহাকাৰঃ ২২ কোটি পাছৱর্ড, ই–মেইল আইডি চুৰি
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ বিশ্বজুৰি ২০ কোটিৰো অধিক পাছৱার্ড আৰু ই–মেইল চুৰি হোৱাক লৈ হাহাকাৰ লগাৰ সময়তে এক সুখবৰ যে নেচনেল ক্রাইম এজেন্সী আৰু নেচনেল চাইবাৰ ক্রাইম ইউনিটে এই চুৰি পাছৱার্ড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্রেট ব্রিটেইনৰ নেচনেল চাইবাৰ ক্রাইম ইউনিট (এন চি চি ইউ) আৰু নেচনেল ক্রাইম এজেন্সীয়ে (এন চি এ) চুৰি হোৱা পাছৱার্ডসমূহ হেকাৰৰ ভঁৰালৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
এন চি এই প্রকাশ কৰা মতে, ২২.৫ কোটিৰো অধিক পাছৱার্ড আৰু ই–মেইল আই ডি উদ্ধাৰ কৰি সেইবোৰ ডাটাবেছ ‘হেভ আই বিন পৱনড’ (এইচ আই বি পি)লৈ স্থানান্তৰিত কৰিছে৷ এন এ চিৰ ভাষাত চুৰি হোৱা পাছৱার্ডসমূহ উদ্ধাৰ কৰি হেভ আই বিন পৱনডলৈ দান কৰিছে৷ এইচ আই বি পি হৈছে অনলাইন ছার্ভিচ৷ এই অনলাইন ছার্ভিচত যিকোনো লোকে তেওঁলোকৰ চুৰি হোৱা পাছৱার্ড তথা ই–মেইল আই ডি পৰীক্ষণ কৰিব পাৰে৷ এন চি এ কর্তৃপক্ষই বিবৃতিত প্রকাশ কৰা মতে, এন চি চি ইউৰ পৰীক্ষণ দলে বৃহৎ পৰিমাণৰ এনে ধৰণৰ চুৰি পাছৱার্ড চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ যিকোনো লোকে তেওঁলোকৰ পাছৱার্ড তথা ই–মেইল আই ডি চুৰি হৈছে নে নাই, সেই সন্দর্ভত এইচ আই বি পি অনলাইন ছার্ভিচযোগে জানিব পাৰিব৷
অনলাইন ছার্ভিচত গৈ ব্যৱহাৰকাৰীয়ে পাছৱার্ড টেবলৈ গৈ তেওঁৰ পাছৱার্ডটো মাৰি দি পূর্বৰ পাছৱার্ডৰ সৈতে আপোচ কৰিব বিচাৰে নে নিবিচাৰে, সেয়া এণ্টাৰ কৰিব৷ ইয়াৰ পাছতেই তেওঁৰ পূর্বৰ ই–মেইল আই ডি তথা পাছৱার্ডৰ সৈতে আপোচ কৰে নে নকৰে, তাৰ অনুমতি বিচাৰিব ৱেবছাইডটোৱে৷ পৰৱর্তী আই ডিটো এণ্টাৰ মাৰি পৱনড ক্লিক কৰিব লাগিব৷ যদি গ্রাহকৰ আই ডিটো চুৰি হৈছে, তেতিয়াহ’লে ৱার্নিং দেখুৱাব৷ আনপিনে এই অনলাইন ছার্ভিচলৈ গৈ ফোন নম্বৰটো ফাদিল হৈছে নেকি, সেই সন্দর্ভত পৰীক্ষণ কৰাৰ সুবিধা আছে৷