নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা চিকিৎসককে ধৰি স্বাস্থ্যকর্মীৰ যদি এই ৰোগত আক্রান্ত হৈ মৃত্যু ঘটে, তেন্তে তেনে স্বাস্থ্যকর্মীসকলক ওড়িশা চৰকাৰে শ্বহীদ ঘোষণা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী নবীন পাটনায়কে মঙলবাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷
ওড়িশা চৰকাৰে এই কথাও ঘোষণা কৰিছে যে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা এনে স্বাস্থ্যকর্মীৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ’ব৷ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রী নবীন পাটনায়কে কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত মৃত্যু হোৱা স্বাস্থ্যকর্মীসকলৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্রদান কৰা হ’ব৷ তদুপৰি তেওঁলোকৰ এই অৱদান স্মৰণীয় কৰি ৰখাৰ বাবে পুৰস্কাৰ প্রদানৰ ব্যৱস্থাও কৰা হ’ব৷ তেওঁ আৰু কয় যে স্বাস্থ্যকর্মীৰ কামত হস্তক্ষেপ কৰা অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্রীয় সুৰক্ষা আইনৰ জৰিয়তে ব্যৱস্থা গ্রহণ কৰা হ’ব৷