নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ পুস্তিকাত ছাভাৰকাৰক ‘সমকামী’ আখ্যা

মধ্যপ্রদেশ বিজেপিৰ ক্ষুৰধাৰ সমালোচনা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গড্ছেৰ সৈতে বিনায়ক দামোদৰ ছাভাৰকাৰৰ শাৰীৰিক সম্পর্ক থকা বুলি কংগ্রেছ সেৱা দলৰ শিবিৰত বিতৰণ কৰা এক পুস্তিকাক কেন্দ্র কৰি মধ্য প্রদেশত সৃষ্টি হৈছে অস্থিৰতা ৷ কংগ্রেছ সেৱা দলৰ মুৰব্বী লালজী দেশায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই পুস্তিকাখন প্রামাণিক তথ্যৰ ভিত্তিত লিখিছে লেখকে ৷ সংবাদ সংস্থা এএনআইৰ সৈতে বার্তালাপত দেশায়ে কয় যে প্রামাণিক তথ্যৰ আধাৰত গ্রন্থখন লিখা হৈছে ৷ কিন্তু ছাভাৰকাৰ সমকামী আছিল নে নাই সেয়া গুৰুত্বপূর্ণ কথা নহয় বুলি উল্লেখ কৰি দেশায়ে এইবুলিও মন্তব্য আগবঢ়াইছে যে দেশত প্রতিগৰাকী ব্যক্তিৰে নিজৰ বক্তব্য প্রকাশ কৰাৰ আইনী অধিকাৰ আছে ৷ ‘বীৰ ছাভাৰকাৰ কিতনে বীৰ’ শীর্ষক পুস্তিকাখনত লেৰী ক’লিনছ আৰু ড’মিনিক লিপিয়েৰৰ ‘ফ্রীডম এট মিডনাইট’ শীর্ষক গ্রন্থৰ প্রসংগ টানি অনা হৈছে ৷ এই ঘটনাৰ পাছতে মধ্য প্রদেশ বিজেপিয়ে কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰিছে ৷ তাৎক্ষণিকভাৱে বিজেপি বিধায়ক ৰামেশ্বৰ শর্মাই দেশপ্রেমী ছাভাৰকাৰৰ প্রতিমূর্তি জনমানসত হেয় কৰিবলৈ কংগ্রেছে ষড়যন্ত্র ৰচা বুলি অভিযোগ কৰিছে ৷

You might also like