নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ নেত্রী অলকা লাম্বাৰ বিৰুদ্ধে লক্ষ্ণৌ আৰক্ষীত গোচৰ

নিয়মীয়া বার্তা, ২৭মেঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ বিৰুদ্ধে অপমানজনক মন্তব্য আগবঢ়োৱা বাবে কংগ্রেছ নেত্রী অলকা লাম্বাৰ বিৰুদ্ধে উত্তৰ প্রদেশৰ হজৰতগঞ্জ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ৷ লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাত এই গোচৰ ৰুজু কৰা হৈছে উত্তৰ প্রদেশ শিশু সুৰক্ষা আয়োগৰ সদস্যা ড০ প্রীতি বার্মাৰ এজাহাৰৰ ভিত্তিত৷ উল্লেখনীয় যে ছ’চিয়েল মিডিয়াত প্রধানমন্ত্রী মোদী আৰু যোগী আদিত্যনাথৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰ কৰি এক ভিডি’ মুকলি কৰিছিল অলকা লাম্বাই৷ ‘বেটী বচাও’ প্রচাৰক এক ফ্ল’প শ্ব’ আখ্যা দি মোদী আৰু যোগীৰ বিৰুদ্ধে লাম্বাই আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ পাছতেই এই গোচৰ ৰুজু কৰা হৈছে৷

You might also like