হাইড্র’ক্সিক্ল’ৰ’কুইনত বৃদ্ধি পায় ক’ভিড ৰোগীৰ মৃত্যুৰ সম্ভাৱনা
নিয়মীয়া বার্তা, ২৭মেঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ চিকিৎসাত মেলেৰিয়া প্রতিৰোধী দৰব হাইড্র’ক্সিক্ল’ৰ’কুইন ব্যৱহাৰৰ বাবে চলোৱা পৰীক্ষা বন্ধ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা উল্লেখ কৰিছে যে মেলেৰিয়া প্রতিৰোধী এই দৰববিধ ক’ভিড–১৯ ৰোগীৰ ক্ষেত্রত ব্যৱহাৰ কৰিলে ৰোগীৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে৷ স্মর্তব্য যে এই সন্দর্ভত এক অধ্যয়নৰ প্রতিবেদন যোৱা সপ্তাহত চিকিৎসা জার্নাল ‘লেনচেট’ত প্রকাশ পাইছিল৷ এই প্রতিবেদনত স্পষ্টভাৱে ঘোষণা কৰা হৈছিল যে মেলেৰিয়া প্রতিৰোধী দৰববিধে ক’ভিড–১৯ ৰোগীৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰিব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ আধান’ম ঘেব্রিয়েছাছে এখন সংবাদ মেলযোগে ঘোষণা কৰিছে যে মেলেৰিয়া প্রতিৰোধী দৰববিধ ক’ভিড–১৯ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিব নোৱাৰি৷ এইক্ষেত্রত বিভিন্ন দেশৰ পৰীক্ষাগাৰত চলি থকা পৰীক্ষা ইতিমধ্যে বন্ধ কৰা হৈছে বুলিও টেড্র’ছে উল্লেখ কৰে৷