নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ বাবে বিশ্বজুৰি যক্ষ্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: যক্ষ্মা ৰোগত আক্রান্ত লোকৰ সংখ্যা ক’ভিড অতিমাৰীৰ পূর্বৰ এটা দশকত যথেষ্ট হ্রাস পাইছিল বিশ্বত৷ কিন্তু ক’ভিড মহামাৰীৰ সময়ছোৱাত পুনৰ যক্ষ্মাই কালৰূপ ধাৰণ কৰিছে বিশ্বৰ বিভিন্ন দেশত৷ ২০২১ চনত যক্ষ্মাত মৃত্যু হৈছে সমগ্র পৃথিৱীত ১৬ লাখ লোকৰ৷ কালি এই তথ্য সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সংস্থাটোৱে উল্লেখ কৰা অনুসৰি, বিগত দুটা বছৰত যক্ষ্মাত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ শতাংশ বৃদ্ধি পাইছে৷ ২০১৯ চনত যক্ষ্মাত মৃত্যু হৈছিল ১৪ লাখ লোকৰ৷ ২০২০ চনত সেয়া ১৫ লাখলৈ বৃদ্ধি পায়৷ বিশ্ব স্বাস্থ্য সংস্থাই ধাৰণা কৰা অনুসৰি, ক’ভিড অতিমাৰী আৰম্ভ হোৱা বাবেই পৃথিৱীজুৰি যক্ষ্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ প্রয়োজনীয় সেৱা তথা চিকিৎসাৰ পৰা ক’ভিড অতিমাৰীৰ সময়ত বঞ্চিত হৈছে যক্ষ্মা ৰোগীসকল৷

You might also like