ক’ভিড–১৯ত মৃত ব্যক্তিৰ শেষকৃত্যত বাধা
নিয়মীয়া বাৰ্তা,৩০ মেঃ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ মৃতদেহৰ শেষকৃত্য কৰাৰ বিপৰীতে দিল্লীৰ নিজামবোধ ঘাতৰ পৰা ওভতাই পঠিওৱা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ সংবাদ মাধ্যমত এই কথা প্রকাশ পোৱাৰ পাছতে দিল্লী উচ্চ ন্যায়ালয়ে এইক্ষেত্রত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে৷ নিজামবোধ ঘাটত ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ প্রয়োজনীয় সুবিধা নাই বুলি উল্লেখ কৰা হৈছে৷ উচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰৰ পৰা এই সন্দর্ভত সবিশেষ তথ্য বিচৰাৰ উপৰি এনে ঘটনাৰ পুনৰাবৃত্তি ঘটা উচিত নহয় বুলিও ঘোষণা কৰিছে৷ মৃত ব্যক্তিৰ শেষকৃত্য শ্রদ্ধাসহকাৰে সম্পন্ন হোৱাটো এক অধিকাৰ৷ এই অধিকাৰ নিজামবোধ ঘাটত খর্ব কৰা হোৱা বুলি উচ্চ ন্যায়ালয়ে ঘোষণা কৰাৰ উপৰি দিল্লী চৰকাৰে কিয় এইক্ষেত্রত গুৰুত্ব আৰোপ কৰা নাই সেই সন্দর্ভত উচ্চ ন্যায়ালয়ে আশ্চর্য প্রকাশ কৰিছে৷