নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ পৰা মুক্ত হ’ল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ কোটি কোটি অনুৰাগীলৈ সুখবৰ আহিছে৷ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ সম্প্রতি ক’ভিডমুক্ত৷ অকল ক’ভিড মহামাৰীৰ পৰাই মুক্ত হোৱা নাই গায়িকাগৰাকী৷ ৯২ বছৰীয়া গায়িকাগৰাকীয়ে নিউমোনিয়াকো হৰুৱাবলৈ সক্ষম হৈছে৷ আজি সংবাদ মাধ্যমক এই খবৰ জনাইছে মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপে৷ ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈ যোৱা ৮ জানুৱাৰীত মুম্বাৰ ব্রীচকেণ্ডী হাস্পতালত ভর্তি হৈছিল কোকিলকণ্ঠী লতা৷ বয়সজনিত শাৰীৰিক পৰিস্থিতিৰ বাবে জটিলতাৰ সৃষ্টি হ’ব বুলি আশংকা কৰি সেই দিনাখনৰ পৰা আই চি ইউত ৰখা হৈছিল লতাক৷ আজি মন্ত্রী টোপে উল্লেখ কৰা অনুসৰি গায়িকাগৰাকীৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট উন্নতি ঘটিছে৷ বিগত তিনি দিন ধৰি ভেণ্টিলেচনৰ বাহিৰত আছে লতা৷ লক্ষণীয়ভাৱে চিকিৎসক আৰু নার্ছসকলৰ সৈতেও লতাই শেহতীয়াকৈ মত বিনিময় কৰিছে৷ অর্থাৎ শীঘ্রে কোকিলকণ্ঠী লতাক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব পাৰে৷

You might also like