নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাঃ সম্পূৰ্ণ গুলপীয়া হ’ল টাটা চেণ্টাৰ

কলকাতা ২১ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশ মাজত বুধবাৰে অনুষ্ঠিত হ’ব লগা ঐতিহাসিক দিবা-নৈশ টেষ্ট খনক স্মৰণীয় কৰিবলৈ টাটা চেন্টাৰক সম্পূৰ্ণৰূপে গুলপীয়া ৰঙৰে উপচাই পেলাইছে।

মনকৰিবলগীয়া সাধাৰণতে টেষ্ট ক্ৰিকেট ৰঙা ৰঙৰ বলেৰে খেলা হয় কিন্তু এইবাৰ বিপৰীত ৰূপত গুলপীয়া ৰঙেৰে ক্ৰিকেট মেচ খন খেলা যাব। টেষ্ট ক্ৰিকেটক জনপ্ৰিয় কৰিবলৈ টাটা চেণ্টাৰে ৩৫০০ বৰ্গ ফুট ক্ষেত্ৰত থ্ৰী ডি মেপিঙ কৰিছে। যত ক্ৰিকেটৰ বিভিন্ন দৃশ্যাংশ যেনে বল, পিটচ, ষ্টেডিয়াম থাকিব। এই মেপিঙ ২৫,৪০ আৰু ৫০ ফুটৰ ভিতৰত তিনিটা স্তৰত থাকিব। উল্লেখ্য যে কলকাতা মহানগৰত এইয়াই প্ৰথম থ্ৰী ডি মেপিঙ। ইয়াৰ উপৰিও মহানগৰীৰৰ বিভিন্ন স্থানত ষ্ট্ৰীট লাইত সমূহ গুলপীয়া ৰঙেৰে সজাই তোলা হৈছে।

You might also like